পথাৰখন হেলনীয়া হ'লে

এই উপায়

অৱলম্বন কৰিব পাৰে 

 

(Internet আৰু YouTube-অত পোৱা লিখনি/ভিডিঅ'ৰ সহায়  লৈ লিখা হৈছে। জ্ঞানীজনে ভুল দেখিলে আঙুলিয়াই  দিব বুলি আশা কৰিলো ।)

পথাৰখন বা তাৰ এটা অংশ (বা ঘৰৰ চৌহদৰ মাটিখিনি) হেলনীয়া হ'লে বৰষুণৰ পানীৰ লগত প্ৰতিবাৰে কিছু মাটি উটি যায় । এনেকৈ ওপৰৰ মাটিখিনি (top soil) উটি গৈ থাকিলে বহুত ক্ষতি হয়। এই মাটিখিনিৰ লগতে সাৰো উটি যায় । মাটিখিনিও বছৰে বছৰে দ হৈ গৈ থাকে।

ইয়াৰ প্ৰতিকাৰ হিচাবে এটি কাম কৰিব পাৰি। মাটিখিনিৰ যিটো ফালে দ, সেইফালে এটা পুখুৰী ( বা গাত) খান্দি দিব পাৰি যাতে বৰষুণৰ পানী বৈ গৈ এই পুখুৰীত পৰে। 

তেতিয়া বৈ যোৱা পানীৰ লগৰ মাটিখিনি লাহে লাহে পুখুৰীৰ তলত গেদ হৈ পৰি যাব। আপোনাৰ সেই মাটিখিনি আপোনাৰ হাততে থাকি যাব, লোকচান নহয় ।

বছৰে এবাৰ বা দুবাৰ পুখুৰীটোত জমা হোৱা এই নতুন মাটিখিনি খান্দি উলিয়াই পথাৰত আকৌ সিচি দিব লাগে। তেতিয়া পুখুৰীটো আকৌ আগৰ নিচিনা দ হৈ যাব।

ইয়াৰ লগতে আপোনাৰ আৰু এটা লাভ হ'ব। পুখুৰীৰ পৰা উঠোৱা মাটিখিনি বহুত সাৰুৱা । ইয়াত বহুত organic সাৰুৱা উপাদান থাকিব। গতিকে আপোনাৰ মাটিডৰা অধিক সাৰুৱা হৈ উঠিব। 

আপোনাৰ পথাৰখন যদি ডাঙৰ, তেনেহ'লে তাৰ এটা অংশতহে পুখুৰীৰ মাটিখিনি মিহলাব পাৰে। আৰু সেই অংশত organic খেতি কৰিব পাৰে। বাকী অংশত সদায় কৰা পদ্ধতিৰে  খেতি কৰিব ।

পথাৰখন বহুত ডাঙৰ যদি কেইবাটাও পুখুৰী খান্দিবলগীয়া হ'ব পাৰে।


আলু, আদা, হালধি আদি মাটিৰ তলত হোৱা বস্তুৰ খেতি উঠোৱাৰ পিছত সেইবোৰত বহুত মাটি লাগি থাকে। এইখিনি ডাঙৰ পাচি বা ফুটা ফুটা থকা বস্তাত ভৰাই এই পুখুৰীৰ পানীত ধুলে মাটিখিনি পুখুৰীটোতে থাকি যাব, অৰ্থাৎ আপোনাৰ হাততে থাকি যাব। বস্তুখিনি চাফাও হৈ যায়, মাটি আৰু সাৰো নষ্ট নহয় ।


পুখুৰীটোৰ প্ৰধান কাম মাটি ধৰি ৰখা যদিও, ইচ্ছা কৰিলে ইয়াক আৰু কামত লগাব পাৰি। আপোনালোকে জানিবই কি কি কামত । যেনে মাছ, তিনি পাৰত কলগছ, হাহ পালন আদি।

আশাকৰো ওপৰৰ কথাখিনিৰ পৰা কেইজনমানৰ হ'লেও উপকাৰ হ'ব।  কমেন্ট কৰিব বুলি আশা কৰিলো।

(সমাপ্ত)

 

 

Total Page Visits: 231 - Today Page Visits: 1
%d bloggers like this:
Bitnami