Multi Layer Farming Explained in Assamese Language

মাল্টি-লেয়াৰ ফাৰ্মিং

এই পদ্ধতিটো মোৰ বহুত ভাল লাগে । কম মাটিতে ইয়াৰ দ্বাৰা বেচি উদ্পাদন কৰিব পাৰি আৰু  নিজৰ আয় বঢ়াব পাৰি।

উদাহৰণৰ সহায়ত কথাটো বুজাবলৈ সহজ হ'ব।

 

ধৰক আপোনাৰ এবিঘা মাটি আছে। মাটিখিনিত আপুনি আলু, আদা, হালধি আদিৰ নিচিনা মাটিৰ তলত হোৱা পাচলি লগালে। এইবোৰ মাটিৰ তলত ডাঙৰ ডাঙৰ হ'ব, কিন্তু মাটিৰ ওপৰৰ গছবোৰৰ মাজত বহুত খালী ঠাই থাকি যাব।

এই গেপবোৰত (in the gaps between the potato, ginger or turmeric trees) মাটিৰ ওপৰতে হোৱা চাপৰ চাপৰ গছৰ পাচলি বা ফল লগাব পৰা যায় । যেনে কবি, বিভিন্ন শাক, আনাৰস, আদি।

এতিয়া আমি দুই লেয়াৰৰ খেতি পালো বুলি কোৱা হয় । প্ৰথম লেয়াৰটো হ'ল মাটিৰ তলৰ পাচলিখিনি, দ্বিতীয় লেয়াৰটো হ'ল মাটিৰ ঠিক ওপৰতে হোৱা পাচলি/ফল খিনি।

এতিয়া আৰু এটা লেয়াৰ পাবলৈ এই খেতিখিনিৰ মাজে মাজে ওখকৈ হোৱা গছ ৰুব লাগে। যেনে তামোল, নাৰিকল, কলগছ, অমিতা আদি। এই গছবোৰৰ মাজত প্ৰয়োজনীয় ঠাই এৰিব লাগিব যাতে তলৰ খেতিখিনিত জোখৰ ৰ'দ সুমাব পাৰে। এই লেয়াৰটোক চতুৰ্থ লেয়াৰ বুলি ক'ম।

তৃতীয় লেয়াৰটো ইয়াৰ তলত থাকিব। তামোল গছত বগোৱা পান, জালুক আদি লগাই দিলে আমি এই তৃতীয় লেয়াৰটো পাম। অথবা, তামোল গছত জেং বান্ধি বান্ধি তাত জিকা, লাউ, আদি ধৰণৰ পাচলিৰ গছ বগাব দিব পাৰি।

 

Multi Layer Farming
Multi Layer Farming Image 2

এইদৰে একেডৰা মাটিতে একে সময়তে কেইবাবিধো খেতি কৰিব পাৰি মাল্টি- লেয়াৰ পদ্ধতিৰে। এনেকৈ উদ্পাদন আৰু আয় বঢ়াব পাৰি।

অৱশ্যে কোন লেয়াৰত আপুনি কিহৰ কিহৰ খেতি কৰিব পাৰিব সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মাটিৰ ওপৰত আৰু চীজনৰ (season) ওপৰত।

এইদৰে মাটিডৰাত খেতি কৰিলে, কেইমাহমানৰ  পিছৰ পৰাই প্ৰতি মাহতে এবিধ নহ'লে সিবিধ খেতি চপাব পৰা যায় । গতিকে প্ৰতি মাহতে আয় হৈ থাকে। এইটো ইয়াৰ আন এটা ডাঙৰ সুবিধা ।


ওপৰৰ কথাখিনি কেনে পালে কমেন্ট কৰিব বুলি আশা কৰিলো।


(Internet আৰু YouTube-অত পোৱা লিখনি/ভিডিঅ'ৰ সহায়  লৈ লিখা হৈছে। জ্ঞানীজনে ভুল দেখিলে আঙুলিয়াই  দিব বুলি আশা কৰিলো ।)


Total Page Visits: 262 - Today Page Visits: 11
%d bloggers like this:
Bitnami