ঘৰৰ চাদত খেতি

আজিকালি নিজৰ পৰিয়ালৰ কাৰণে প্ৰয়োজনীয় শাক-পাচলিৰ কিছু অংশ নিজৰ ঘৰৰ চাদত খেতি কৰি উদ্পাদন কৰি লবলৈ বহু মানুহে আৰম্ভ কৰিছে। এইসকল মানুহৰ সুবিধাৰ বাবে Facebook-ত এটা গ্ৰুপ আৰম্ভ কৰা হৈছে।

গ্ৰুপটোৰ নাম 'ঘৰৰ চাদত খেতি' যদিও ইয়াত সেইসকলো সদস্য হ'ব পাৰিব যিসকলে নিজৰ থকা ঘৰৰ লগতে থকা অলপমান মাটিত খেতি কৰে বা কৰিব বিচাৰে ।

শাক-পাচলি আৰু ফল-মূল আমাৰ স্বাস্থ্যৰ বাবে বহ উপকাৰী বুলি আমি সকলোৱে জানো। কিন্তু আজিকালি বজাৰৰ পৰা কিনি খাবলৈ দুবাৰ চিন্তা কৰিব লাগে। কাৰণ হৈছে ৰাসায়নিক সাৰ, কীটনাশক দৰব আদিৰ অতি মাত্ৰা ব্যৱহাৰ।

তাতকৈও ডাঙৰ অপকাৰী কাম এটা কিছুমান মানুহে কৰিবলৈ আৰম্ভ কৰিছে।সেইটো হৈছে পাচলি বা ফলৰ কলিটোতে direct injection দি এদিনৰ ভিতৰতে তাক ডাঙৰ কৰি পেলাইছে। তাৰ পিছত তাক বিক্ৰী কৰিছে (নিজে কিন্তু নেখায়)। এনে বস্তু খোৱা আমাৰ বাবে কিমান অপকাৰী, সেইটো নকলেও হ'ব।

সেয়ে ঘৰৰ চাদত বা ঘৰৰ লগতে থকা অলপ মাটিত শাক-পাচলিৰ খেতি কৰাটো আজিৰ দিনত অতি প্ৰয়োজনীয় হৈ পৰিছে। নিজৰ প্ৰয়োজনীয় শাক-পাচলিৰ অলপ অংশ যদি এনেকৈ পাব পৰা যায়, তেনেহলে আমাৰ বহুতো লাভ হ'ব।

এই গ্ৰুপটোত আলোচনাৰ প্ৰধান বিষয় এইটোৱেই। যিমানদূৰ সম্ভৱ অৰ্গেনিক (organic) ভাবে খেতি কৰাৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ'ব।

ঘৰৰ চাদত খেতি কৰিবলৈ আৰম্ভ কৰোতে আমাৰ মনলৈ বহুতো প্ৰশ্ন আহে:

আদি নানা ধৰণৰ প্ৰশ্ন।

আজি ইয়াৰ শেষৰ প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰিছো।

শাক-পাচলিৰ পুলি সাধাৰণতে পোৱা নাযায়। অন্তত: মই এতিয়ালৈকে দেখা নাই। গতিকে গুটিৰ পৰা গজাব লগীয়া হয়।

গুটিবোৰ অ'নলাইনত আনিব পাৰি, amazon আদিৰ পৰা, বা, ওচৰৰ দোকানৰ পৰা কিনিব পাৰি। এইবিষয়ে বেলেগ এদিন আলোচনা কৰিম।

আজি আলোচনা কৰিব বিচাৰিছোঁ গুটিৰ পৰা পুলি গজাবলৈ কেনেধৰণৰে আগবাঢ়িব লাগে। ইয়াক বেলেগ বেলেগ ধৰণেৰে কৰিব পাৰি। মোৰ পছন্দৰ পদ্ধতিটোৰ বিষয়ে মোৰ অলপ লেখা আৰু লগতে এটা ভিডিঅ' আছে ।

লিংকটো তলত দিলো। এইটো মোৰ অমিতা খেতিৰ ওপৰত লিখা এটা লেখনিৰ এটা অংশ (এটা পৃষ্ঠা)। এই একেই পদ্ধতি ব্যৱহাৰ কৰি আন আন পাচলিৰ গুটিৰ পৰাও পুলি গজাই আছো।

কথাখিনি পঢ়ি আৰু ভিডিঅ'টো চাই Like/ক'মেন্ট কৰিব বুলি আশা কৰিলো।

Total Page Visits: 15 - Today Page Visits: 1
%d bloggers like this:
Bitnami